Wednesday, 26 August 2015

ভুত

শুনিব পোৱা মতে ভুত কেইবাবিধৰো
আছে। ইয়াৰে কিছুমান
মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা
স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা
আগবঢ়ালো-
1. দাউলাঃ- এইবিধে
নাৰিকল,তামোল আদি গছত বাস কৰে।
তলেৰে কোনোবা গ'লে গাত মুতি
দিয়ে,ঘৰতো মুতে,ঘৰত চপৰা
দলিয়ায়,পাকঘৰত উৎপাট কৰে। ৰাতি
চিলমিলীয়া টোপনিত গাৰ ওপৰত বহি
হেচি ধৰে।
অভিজ্ঞ লোকে কোৱা মতে এইবিধৰ
গাত এটা বেয়া গোন্ধ থাকে,ভালুকৰ
দৰে নোমাল।
2. পৰীঃ- এইবিধ বৰ ধুনীয়া মাইকী ভুত।
ডেকা ল'ৰাক আক্ৰমণ কৰে। এইবিধে
এনেকুৱা প্ৰেমত পেলাই লয় যে
আক্ৰান্তজনে তাইৰ লগতে কথা পাতি
থাকে,অকলে অকলে নিজানত গৈ
তাইৰ লগত একাত্ম হৈ পৰে।
কেতিয়াবা আক্ৰান্তজনৰ ঔৰসত তাই
গর্ভবতীও হয়। তেতিয়া ল'ৰাটোক
বচোৱা টান।
3.ঘোঁৰাবাকঃ- এইবিধ পানীৰ
ভুত,পানীলৈ মাতি নিব পাৰিলে
পানীত হেচি ধৰি মাৰে। বামত ইয়াৰ
কাম নচলে। ৰূপ বদলাব পাৰে। মাচ মৰা
মানুহ বৰকৈ ইয়াৰ বলি হয়। প্রধান খাদ্য
মাচ।
4. জাউকাৰ পালঃ- শিশু ভুত। পথৰুৱা
ঠাইত অকলে পালে ইহঁতে পাল পাতি
আক্রমণ কৰে।
5. ফাঁচী দিয়া বা শৈড়াৰ দেবতাঃ-
বৰ ভয়ানক। ফাচী দি মাৰে। ইয়াৰ কবলত
পৰিলে বচা আশা কম।
ভুত বিলাক এতিয়া বিলুপ্তিৰ পথত।
তেওলোকক সংৰক্ষন আৰু নিৰাপত্তা
দিয়া দায়িত্ব আমাৰেই !

Thursday, 13 August 2015

Friday, 7 August 2015

এগৰাকী নাৰী

এগৰাকী নাৰী
☞ যিয়েই তোমাৰ বাবে নিজৰ নাম সলায়
☞ নিজৰ ঘৰখন সলায়
☞নিজৰ ঘৰখনৰ মানুহ সকলৰ পৰা আঁতৰি আহে
☞তোমাৰ লগত গুচি আহে
☞তোমাৰ লগত এখনহেঁপাহৰ ঘৰ সাজে
☞ ভাত ৰান্ধে
☞ঘৰখন পৰিস্কাৰ কৰে
☞পৰিয়ালৰ সকলোৰে খৱৰৰাখে
☞নিজৰ সন্তানৰ লালন পালন কৰে পঢ়ুৱাই
☞ লৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা কৰে
☞ সকলোদিশৰ চোৱা চিতা কৰে
☞তোমাৰ লাভৰ বাবে সকলো কৰে
☞কেতিয়াও নিজৰ স্বাৰ্থৰ চিন্তা নকৰে
☞ত্যাগ কৰে নিজৰ ভাল লগা সকলো কিন্তু ??????তেওঁ নথকা হলে কোনে কৰিলহেতেন ???????
☞নাৰী তুমী সঁচায় মহীয়সী , এগৰাকী নাৰী হোৱা বাবে এই সকলো সম্ভৱ সেয়ে সকলো নাৰীক সন্মান কৰাৰ দায়িত্ব সকলো পুৰুষৰ
☞নাৰী হল সুন্দৰৰ প্ৰতীক
☞নাৰী হল এগৰাকী মাতৃ
☞এগৰাকী বাইদেউ
☞এগৰাকী ভন্তী
☞এগৰাকী বান্ধৱী
☞এগৰাকী পত্নী
☞এগৰাকী জীয়ৰি যি হল ভগৱানৰ এক অনুপম সৃষ্টি ।।।।

ফেটি সাপ