Saturday, 30 April 2016
Thursday, 28 April 2016
চূণ আৰু ইয়াৰ উপকাৰিতা
চূণ আৰু ইয়াৰ উপকাৰিতা :
সচৰাচৰ আমি তামোলৰ লগত বা চাধাৰ
লগত চূণ খাও ।
এই চূণৰ প্ৰায় 70 বিধ ৰোগ ঠিক কৰিব পৰা
গুণ আছে ।
তাৰে কেইটামান বহুত দৰকাৰী আৰু
উপকাৰী ৰোগৰ কথা তলত লিখিলোঁ ।
চুনত প্ৰচুৰ পৰিমানে কেলচিয়াম আৰু
ভিটামিন B থাকে ।
কেলচিয়ামৰ অভাৱত হব পৰা সকলো
ৰোগ চূণ খালে ঠিক হৈ যায় ।
কেন্সাৰৰ প্ৰথম stage , মানে টেমুনা
হলে চূণ খালে ঠিক হৈ যায় । এই
টেমুনা কেলচিয়ামৰ অভাৱত হয় আৰু
শেষত গৈ কেঞ্চাৰ হয় ।
কঁকালৰ বিষ , গাৰ বিষ , আঁঠুৰ বিষ আদি
সকলোতে চূণ উপকাৰী ।
মহিলাসকলৰ বিয়াৰ পাছত গৰ্ভ নৰোৱা ,
মাহেকীয়াৰ সময়ত বহুত কমৰৰ বিষ হোৱা
বা অত্যাধিক তেজ যোৱা ,
আনিয়মীয়া মাহেকীয়া ,
কেতিয়াবা 2-3 মাহৰ মূৰত এবাৰ হোৱা
আদি সকলো ৰোগ চূণ খালে ঠিক হব
পাৰে ।
পুৰুষসকলৰ ক্ষেত্ৰত নুপুংসতা , শুক্ৰাণুৰ
পৰিমাণ কম হোৱা আদিৰ বাবে বহুত
উপকাৰী চূণ ।
বাঢ়ি অহা লৰা ছোৱালী বয়স
অনুপাতে ওখ নোহোৱা লৰা
ছোৱালীৰ বাবে চূণ অত্যন্ত লাভদায়ক
হয় ।
যদি কাৰোবাৰ জণ্ডিছ হৈছে বা
বাৰে বাৰে জণ্ডিছ হৈ থাকে ,
তেতিয়াও চূণ বহুত উপকাৰী আৰু
তৎক্ষণাৎ জণ্ডিছ ঠিক হৈ যায় ।
এতিয়া চূণ কেনেকৈ খাব লাগে
জানি লওক ।।।
100 গ্ৰাম দৈ লৈ তাত বুটমাহ এটাৰ
সমান চূণ লৈ প্ৰায় 10 দিন খাওক আৰু 3
মাহৰ মূৰে মূৰে খাই থাকিব পাৰে ।
দেশী গৰুৰ দৈ পালে ভাল । দৈত চূণ হজম
কৰিব পৰা শক্তি থাকে ।
যদি জণ্ডিছ হৈছে , তেন্তে 1 গ্লাছ
কুঁহিয়াৰৰ ৰস লৈ তাত চাউল এটাৰ সমান
চূণ লৈ দিনত 3 বাৰ খাওক ।
পঢ়াৰ বাবে ধন্যবাদ । আগলৈ share কৰিব
বুলি আশা থাকিল ।
Thursday, 21 April 2016
পাচলিৰ ইংৰাজী নামবোৰ
পাচলিৰ ইংৰাজী নামবোৰ সংগ্ৰহ
কৰিছিলো। আজি তাকে
আপোনালোকৰ সৈতে শ্বেয়াৰ
কৰিছো। আটাইবোৰ তথ্য ইন্টাৰনেটৰ
পৰা লোৱা। উচ্চাৰণৰ দায়িত্ব
আপোনাৰ নিজৰ দেই।
*শাকজাতীয় শস্য (Leafy vegetables)*
১. পালেং - Spinach.
২ মানিমুনি - Asiatic Pennywort.
৩. পদিনা - Mint.
৪. কলমৌ - Water spinach.
৫. ব্ৰাহ্মী - Brahmi.
৬. ধনিয়া - Coriander.
৭. মানধনিয়া - Long coriander.
৮. শুকলতি - Patchouli.
৯. মচন্দৰি - Heart leaf.
১০. মেথিশাক - Fenugreek greens.
১১. নৰসিংহ - Curry leaf.
১২. ভেদাইলতা - Skunk vine.
১৩. পকমৌ - Tomatillo.
১৪. সৰিয়হ শাক - Mustard plant.
১৫. লাই শাক - Mustard green.
১৬. খুতুৰা - Green Amarnath.
১৭. মৰিচা - Indian spinach.
১৮. চুকা - Sorrel.
১৯. বাবৰি / মাটিকাঁদুৰি / লফা /
জিলমিল - White Goosefoot.
২০. টেঙামৰা - Roselle.
২১. তিতামৰা - Jute plant.
২২. পূৰ্ণনভা - Tar vine.
২৩. ঢেকীয়া - Fern.
২৪. মটৰ শাক - Pea greens.
২৫. মচুৰ শাক - Lentil greens.
২৬. কচু থুৰি - Taro stem.
২৭. নিমপাত - Margosa leaf.
২৮. ভৃংগৰাজ - False daisy.
*পাচলিজাতীয় শস্য (Non-Leafy
vegetables)*
১. ওলকবি - Kohlrabi.
২. কাঠ আলু - Yam.
৩. কচু - Taro / Colocassia.
৪. কলডিল - Banana flower.
৫. কাচকল - Curry banana / Plantain
(green).
৬. পটল - Pointed gourd / Parwal.
৭. ভোল - Ridge gourd.
৮. জিকা - Ridged luffa.
৯. ধুন্দুলি - Snake gourd.
১০. জাতিলাও - Bottle gourd.
১১. কোমোৰা - White gourd.
১২. তিতাকেৰেলা - Bitter gourd.
১৩. ভাতকেৰেলা - Teasle gourd.
১৪. কুন্দুলি - Ivy gourd.
১৫. ভেন্দি - Lady's finger / Okra.
১৬. কণ বিলাহী - Current tomato.
১৭. চালগোম - Turnip.
১৮. বেঙেনা - Brinjal / Egg plant.
১৯. চজিনা - Drumstick.
২০. ঔটেঙা - Elephant Apple.
২১. থেকেৰা - Mangosteen.
২২. বেতগাজ - Rattan shoot.
২৩. বাঁহগাজ - Bamboo shoot.
২৪. ভূত জলকীয়া - Ghost peeper.
২৫. নগা জলকীয়া / কেপচিকাম - Bell
peeper.
*মাহজাতীয় শস্য (Beans and pulses)*
১. মচুৰ মাহ - Lentil.
২. মটৰ মাহ - Peas.
৩. ধোৱা মগু - White Lentil.
৪. মাটি মাহ - Urad bean.
৫. মগু মাহ - Mung bean.
৬. ৰহৰ মাহ -Pigeon pea.
৭. বুটমাহ - Chick pea.
৮. ফ্ৰেছবীন - Green bean.
৯. ডাংবডি - Yardlong bean / Cow peas.
১০. ৰাজমা - Common bean.
১১. লেচেৰা মাহ - Black-eyed pea.
১২. উৰহী - Indian bean / Butter bean.
*মছলাজাতীয় শস্য (Spices)*
১. আদা - Ginger.
২. নহৰু - Garlic.
৩. জিৰা - Cumin.
৪. কালিজিৰা - Black cumin.
৫. জালুক - Black peeper.
৬. হালধি - Turmeric.
৭. ধনিয়া - Coriander seed.
৮. দালচেনি - Cinnamon.
৯. ইলাচি - Cardamom.
১০. লং - Clove.
১১. মেথিগুটি - Fenugreek seed.
১২. বগা সৰিয়হ - White mustard sef.
১৩. চফগুটি - Aniseed.
১৪. তেজপাত - Malabar leaf.
Saturday, 16 April 2016
ফেচবুক প্ৰেম
ফেচবুক প্ৰেম ……
…
-- কি কৰিছা জান ?
-- তোমাৰ কথাই ভাবি আছো ।
-- কি ভাবিছা নো ?
-- ভাবিছো , প্ৰায় ৮ মাহেই হ'ল
তোমাক ফেচবুকত লগ পোৱা । আনহে
নেগাগে তোমাক ভাল পোৱাও আজি
৬ মাহ হৈ গ'ল । কিমান দিন যে ,
তোমাৰ লগত ফোনত কথা পাতিলো ,
তাৰ কোনো হিচাবেই নাই । তথাপিও
আজিলৈকে তোমাৰ চেহেৰাতো
নেদেখিলো । প্লিজ তোমাৰ ফটো
এখন দিয়ানা ।
-- চোৱা , মই তোমাক আগতেও কৈছো
যে , মই মোৰ ফটো নিদিও । কাৰণ মই
দেখিবলৈ ধুনীয়া নহয় । এবাৰ যদি তুমি
মোৰ চেহেৰা দেখা , তেনেহ'লে
তুমি মোক পাহৰি যাবা আৰু মই তোমাক
হেৰুৱাব নোখোজো ।
,
( সঁচাকৈয়ে ছোৱালীজনি ধুনীয়া
নাছিল আৰু অলপ ক'লা ও আছিল ।
সেইবাবে তাই প্ৰফাইল পিকচাৰত ফুল
এপাহৰ ফটো দি থৈছিল আৰু
কোনোদিনেই ল'ৰাটোক তাইৰ ফটো
দিয়া নাছিল )
,
ছোৱালীজনিয়ে কিন্তু সদায়েই
ল'ৰাটোৰ প্ৰফাইল খুলি তাৰ ফটোবোৰ
চাইছিল । ল'ৰাটো বহুত ধুনীয়া আছিল ।
ছোৱালীজনিয়ে বুজিছিল যে , তাই
কেতিয়াও তাৰ বাবে যোগ্য নহয় ।
তথাপিও তাই ল'ৰাটোক খুব ভাল
পাইছিল ।
,
অৱশেষত এদিন ছোৱালীজনিয়ে
ল'ৰাটোৰ নেৰানেপেৰা অনুৰোধত
হাৰ মানিলে আৰু ইনবক্সত ল'ৰাটোলৈ
বুলি তাইৰ ফটো এখন পথায় দিলে ।
ফটোখন পোৱাৰ পিছৰে পৰা
ল'ৰাটোৱে মেচেজ কৰিবলৈ এৰি
দিলে ।
,
অলপ দেৰিৰ পিছত ছোৱালীজনিয়ে
দেখিলে যে , ল'ৰাটোৱে তাইক ব্লক
কৰি দিলে । ল'ৰাটোৰ ফোন নম্বৰত
ডায়েল কৰিও তাই চুইটছ অফ পালে ।
,
ছোৱালীজনিৰ চকুৱেদি লোতক
বাগৰি আহিল । তাই বুজিলে যে ,
চিৰদিনৰ বাবে তাই ল'ৰাটোক
হেৰুৱাই পেলালে । এইদৰে ২-৩ দিন
তাই নোখোৱা নোবোৱাকৈ নিজৰ
কোঠাতে চকুপানী নিগৰাই সোমাই
থাকিল ।
,
হঠাতে আজি তাইৰ ফোনলৈ
অচিনাকি নম্বৰ এটাৰ পৰা কল এটা
আহিল । ধৰোনধৰোকৈ তাই ফোনটো
ৰিচিব কৰিলে ।
ফোনটো কাণত লগোৱাৰ লগে লগেই
এটা চিনাকি মাত ভাঁহি
আহিল = ঐ ছোৱালী , তুমি চাৰপ্ৰাইজ
পচন্দ কৰানে ? তোমাৰ বাবে মই
শিৱসাগৰৰ পৰা আহি গুৱাহাটী ষ্টেচনত
ৰৈ আছো ।
,
ছোৱালীজনিয়ে কোনো উত্তৰ নিদি
ফোনটো কাটি দিলে আৰু খৰখেদাকৈ
সাজি কাচি ষ্টেচনলৈ বুলি ঢ়াপলি
মেলিলে ।
।
ভালপোৱা আছলতে চেহেৰা দেখি
নহয় । দুটি মনৰ মিলনেই হ'ল সঁচা
ভালপোৱা ।
,
,
( আপুনি বা কি কয় ?)
গৰ্ভপাত
''এবাৰ অৱশ্যে পঢ়ক''
গৰ্ভপাত কৰাটো কিমান বেদনাদায়ক
তলৰ কথাখিনি পঢ়ক আৰু অনুভৱ কৰক ।
গৰ্ভস্থ কন্যা ভ্ৰূণ হত্যা কৰাৰ চাক্ষুচ দৰ্শনৰ
বিৱৰণ -
১৯৮৪ চনত আমেৰিকাত নেচ্যনেল ৰাইটচ
টু লাইফ ( National Rights to life) অভিৱৰ্তন
অনুষ্ঠিত হৈছিল ।
এই অভিৱৰ্তনৰ এজন প্ৰতিনিধি ডা.
বাৰ্নাৰ্ড নেথেন্সনৰ দ্বাৰা গৰ্ভপাতৰ
ওপৰত নিৰ্মিত আল্ট্ৰাচাউণ্ড ফিল্ম
নিঃশব্দ চিৎকাৰ (Silent Scream) ৰ যি
বিৱৰণ দিয়া হৈছিল তাক এবাৰ মন দি
পঢ়কচোন -
গৰ্ভত থকা কন্যা ভ্ৰূণটোৰ বয়স হৈছিল দহ
সপ্তাহ । আৰু তাইক যথেষ্ঠ সতেজ দেখা
গৈছিল । আমি তাইক মাতৃৰ গৰ্ভত লৰচৰ
কৰি আঙুলি চুপি খেলি থকা
দেখিছিলো । তাইৰ দেহৰ স্বাভাৱিক
হৃৎস্পন্দনৰ গতি ১২০ আমি প্ৰত্যক্ষ
কৰিছিলো ।
সকলোবোৰ স্বাভাৱিক আছিল । কিন্তু
যেতিয়াই অস্ত্ৰোপচাৰৰ প্ৰথমটো
আহিলাই গৰ্ভাশয়ৰ বেৰত স্পৰ্শ কৰিলে,
সেই আজন্মা কণমানি জনী ভয়ত শিঁয়ৰি
উঠিল । তাইৰ স্বাভাৱিক হৃৎস্পন্দনৰ গতি
অকস্মাতে বাঢ়ি গ'ল । কোনো ধৰণৰ
আহিলা-পাতিয়ে স্পৰ্শ কৰা নাছিল
যদিও, তাই অনুভৱ কৰিছিল যে, তাইৰ
সুৰক্ষিত আৰামদায়ক কক্ষত কোনোবাই
আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে ।
আমি বেদনাহত হৈ প্ৰত্যক্ষ কৰিছিলো,
কেনেকৈ সেই যন্ত্ৰই কণমানি জনীক
টুকুৰা-টুকুৰ কৰিছিল ।
প্ৰথমে কঁকাল, তাৰপাছত ক্ৰমান্বয়ে
হাত, ভৰি আদি কাটি গৈছিল ।
এনেদৰে কাটিছিল যে, তাই জীৱিত
প্ৰাণী নহ'য় গাজৰ-মূলাহে আছিল ।
কণমানি জনী বিষত চটফটাই, কুচিমুচি
হৈ ইফাল-সিফাল কৰি সেই
হাথিয়াৰটোৰ পৰা নিজকে বচাবলৈ
চেষ্টা কৰি আছিল ।
কণমানি জনীয়ে ইমান অধিক ভয়
খাইছিল যে, স্বাভাৱিক হৃৎস্পন্দনৰ গতি
বাঢ়ি গৈ ২০০ হৈছিল । মই নিজ চকুৰে
তাইৰ মাঠাটো পাছলৈ আতৰাই নি
বচাবলৈ আৰু চিঞঁৰিবলৈ চেষ্টা কৰা
দেখিছিলো । ডা. বাৰ্নাৰ্ড
নেথেন্সনে নিঃশব্দ আৰ্তনাদ (Silent
Scream) বুলি উচিত নামাকৰণ কৰিছে ।
অৱশেষত আমি সেই নৃশংস বিভৎস দৃশ্যটো
দেখা পালো । হাথিয়াৰটোৱে তাইৰ
মাঠাটো বিচাৰি ভাঙিবলৈ চেষ্টা
কৰি আছিল । কিয়নো মাঠাটো
নভঙাকৈ section tube ৰ জৰিয়তে
বাহিৰলৈ আনিব পৰা নেযায় । হত্যাৰ
এই বিভৎস খেলটো সমাপ্ত হ'বলৈ প্ৰায়
পোন্ধৰ মিনিট সময় লাগিছিল । এই
বেদনাদায়ক দৃশ্যৰ অনুমান ইয়াতকৈ
অধিক কেনেকৈ লগাব পৰা যায় !!!
যিজন ডাক্তৰে সেই গৰ্ভপাত কৰিছিল,
আৰু যিজনে মাথো কৌতুহলবশত সেই
গৰ্ভপাতৰ দৃশ্যৰ ভিডিঅ ৰেকৰ্ড কৰিছিল,
এই ভিডিঅ চোৱাৰ পাছত বেদনাহত হৈ
তেওঁলোকে ক্লিনিক বন্ধ কৰি গুচি
গৈছিল । তেওঁলোকক পুনৰ ঘূৰি অহা
দেখা নগ'ল ।
নৃশংসতাৰে ভ্ৰূণ হত্যা বন্ধ কৰক ।
সকলোকে জীয়াই থাকিবলৈ দিয়ক ।
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...