Saturday, 16 April 2016

গৰ্ভপাত

''এবাৰ অৱশ্যে পঢ়ক''
গৰ্ভপাত কৰাটো কিমান বেদনাদায়ক
তলৰ কথাখিনি পঢ়ক আৰু অনুভৱ কৰক ।
গৰ্ভস্থ কন্যা ভ্ৰূণ হত্যা কৰাৰ চাক্ষুচ দৰ্শনৰ
বিৱৰণ -
১৯৮৪ চনত আমেৰিকাত নেচ্যনেল ৰাইটচ
টু লাইফ ( National Rights to life) অভিৱৰ্তন
অনুষ্ঠিত হৈছিল ।
এই অভিৱৰ্তনৰ এজন প্ৰতিনিধি ডা.
বাৰ্নাৰ্ড নেথেন্সনৰ দ্বাৰা গৰ্ভপাতৰ
ওপৰত নিৰ্মিত আল্ট্ৰাচাউণ্ড ফিল্ম
নিঃশব্দ চিৎকাৰ (Silent Scream) ৰ যি
বিৱৰণ দিয়া হৈছিল তাক এবাৰ মন দি
পঢ়কচোন -
গৰ্ভত থকা কন্যা ভ্ৰূণটোৰ বয়স হৈছিল দহ
সপ্তাহ । আৰু তাইক যথেষ্ঠ সতেজ দেখা
গৈছিল । আমি তাইক মাতৃৰ গৰ্ভত লৰচৰ
কৰি আঙুলি চুপি খেলি থকা
দেখিছিলো । তাইৰ দেহৰ স্বাভাৱিক
হৃৎস্পন্দনৰ গতি ১২০ আমি প্ৰত্যক্ষ
কৰিছিলো ।
সকলোবোৰ স্বাভাৱিক আছিল । কিন্তু
যেতিয়াই অস্ত্ৰোপচাৰৰ প্ৰথমটো
আহিলাই গৰ্ভাশয়ৰ বেৰত স্পৰ্শ কৰিলে,
সেই আজন্মা কণমানি জনী ভয়ত শিঁয়ৰি
উঠিল । তাইৰ স্বাভাৱিক হৃৎস্পন্দনৰ গতি
অকস্মাতে বাঢ়ি গ'ল । কোনো ধৰণৰ
আহিলা-পাতিয়ে স্পৰ্শ কৰা নাছিল
যদিও, তাই অনুভৱ কৰিছিল যে, তাইৰ
সুৰক্ষিত আৰামদায়ক কক্ষত কোনোবাই
আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে ।
আমি বেদনাহত হৈ প্ৰত্যক্ষ কৰিছিলো,
কেনেকৈ সেই যন্ত্ৰই কণমানি জনীক
টুকুৰা-টুকুৰ কৰিছিল ।
প্ৰথমে কঁকাল, তাৰপাছত ক্ৰমান্বয়ে
হাত, ভৰি আদি কাটি গৈছিল ।
এনেদৰে কাটিছিল যে, তাই জীৱিত
প্ৰাণী নহ'য় গাজৰ-মূলাহে আছিল ।
কণমানি জনী বিষত চটফটাই, কুচিমুচি
হৈ ইফাল-সিফাল কৰি সেই
হাথিয়াৰটোৰ পৰা নিজকে বচাবলৈ
চেষ্টা কৰি আছিল ।
কণমানি জনীয়ে ইমান অধিক ভয়
খাইছিল যে, স্বাভাৱিক হৃৎস্পন্দনৰ গতি
বাঢ়ি গৈ ২০০ হৈছিল । মই নিজ চকুৰে
তাইৰ মাঠাটো পাছলৈ আতৰাই নি
বচাবলৈ আৰু চিঞঁৰিবলৈ চেষ্টা কৰা
দেখিছিলো । ডা. বাৰ্নাৰ্ড
নেথেন্সনে নিঃশব্দ আৰ্তনাদ (Silent
Scream) বুলি উচিত নামাকৰণ কৰিছে ।
অৱশেষত আমি সেই নৃশংস বিভৎস দৃশ্যটো
দেখা পালো । হাথিয়াৰটোৱে তাইৰ
মাঠাটো বিচাৰি ভাঙিবলৈ চেষ্টা
কৰি আছিল । কিয়নো মাঠাটো
নভঙাকৈ section tube ৰ জৰিয়তে
বাহিৰলৈ আনিব পৰা নেযায় । হত্যাৰ
এই বিভৎস খেলটো সমাপ্ত হ'বলৈ প্ৰায়
পোন্ধৰ মিনিট সময় লাগিছিল । এই
বেদনাদায়ক দৃশ্যৰ অনুমান ইয়াতকৈ
অধিক কেনেকৈ লগাব পৰা যায় !!!
যিজন ডাক্তৰে সেই গৰ্ভপাত কৰিছিল,
আৰু যিজনে মাথো কৌতুহলবশত সেই
গৰ্ভপাতৰ দৃশ্যৰ ভিডিঅ ৰেকৰ্ড কৰিছিল,
এই ভিডিঅ চোৱাৰ পাছত বেদনাহত হৈ
তেওঁলোকে ক্লিনিক বন্ধ কৰি গুচি
গৈছিল । তেওঁলোকক পুনৰ ঘূৰি অহা
দেখা নগ'ল ।
নৃশংসতাৰে ভ্ৰূণ হত্যা বন্ধ কৰক ।
সকলোকে জীয়াই থাকিবলৈ দিয়ক ।

No comments:

Post a Comment

ফেটি সাপ