Saturday, 14 May 2016

আপুনি খোৱা এগিলাচ পানী কেতিয়াবা বিহ হব পাৰে

আপুনি খোৱা এগিলাচ পানী
কেতিয়াবা বিহ হব পাৰে । আপুনি
হয়তো কেতিয়াও এই কথাটো ভবা
নাই । কেতিয়া কেতিয়া
আপোনাৰ পানী গিলাচ বিহ হব
পাৰে জানি লওক ।
আপুনি যদি ভাত খোৱাৰ আগেয়ে ,
ভাত খাই থাকোতে বা ভাত
খোৱাৰ অলপ পাছতেই পানী
খাইছে , তেন্তে এই পানীয়ে বিহৰ
কাম কৰে ।
কেনেকৈ জানি লওক :
আমাৰ শৰীৰত খাদ্য পাচন হোৱাৰ
বাবে পাছত ৰস উৎপন্ন হয় । এই পাছক
ৰস মুখত লালতিৰ ৰূপত আৰু পেটত
লালতিৰ নিচিনাই ৰস ওলাই থাকে

আমি কিবা খোৱাৰ লগে লগে এই
ৰস আমাৰ খাদ্যত মিহলি হৈ যায় আৰু
আমাৰ খাদ্য হজম হোৱাত সহায় কৰে
। আমাৰ পেটৰ ভিতৰত কোনো ধৰণৰ
দাঁত নাথাকে । এই পাছক ৰসেই
খাদ্য পচাই দিয়ে ।
আৰু যেতিয়া আমি ভাতৰ লগত
পানী খাই দিওঁ , তেতিয়া এই
পাছক ৰস পানীৰ লগত মিহলি হৈ
পেচাব হয় ।
গতিকে যাৰ বাবে আপোনাৰ খাদ্য
ভালকৈ হজম হব নোৱাৰে আৰু ফলত
অজীৰ্ণ , গেছ , পেটৰ বিষ আৰু আনকি
অৰ্শ পর্যন্ত হয় ।
যদি আপুনি ঠাণ্ডা পানী এগিলাচ
গৰমত খাইছে , তেন্তে আপোনাৰ
শৰীৰৰ বহুত অপকাৰ হব পাৰে ।
কাৰণ ঠাণ্ডা পানীখিনি গৰম
কৰিহে শৰীৰে তাৰ পৰা
লাগতিয়াল বস্তুখিনি আহৰণ কৰে
আৰু 1 গিলাচ ঠাণ্ডা পানী শৰীৰে
গৰম কৰিবলৈ গোটেই শৰীৰৰ তেজ
কাম কৰিব লগা হয় । যাৰ ফলত
আপোনাৰ মাংসপেশীৰ বিষ সঘনাই
হৈ থাকিব পাৰে ।
গতিকে পানী সদায় কুহুমীয়া গৰম
খাব লাগে আৰু ভাত খোৱাৰ 45
মিনিট পাছত বা আগত পানী খাব
লাগে । যদি গলত লাগে তেন্তে
অলপ দালিৰ পানী খাব ।
উত্তৰ ভাৰতৰ কোনো ৰাজ্যতে
ভাতৰ লগত পানী নাখায় ,
তেওঁলোকে গাখীৰৰ পৰা বনোৱা
ছাঁছ খায় ।
ভাতৰ লগত পানী খালে
ডায়েবেটিচ হোৱাৰ chance বহুত
বেছি থাকে ।

No comments:

Post a Comment

ফেটি সাপ