Monday, 18 July 2016
Saturday, 9 July 2016
Sunday, 26 June 2016
Friday, 24 June 2016
Sunday, 12 June 2016
Friday, 20 May 2016
॥॥ মাঁ ॥॥
॥॥ মাঁ ॥॥
=======
গিৰি ঘৰত সোমোৱাৰ পিছতেই
ঘৈণীয়েকে চিঞৰি কলে :- কত
আছিলা ইমান পৰ ?
অফিচত ফোন কৰিছোঁ তাতো নাই !
ঘটনা কি হাঁ , কি হল ?
গিৰি :- হেৰি মই মানে ,,,
wife :- কি মই মানে , পাহৰিলা , নে
বনাব পৰা নাই কথা ..?
আৰু এইটো হাতত কি ইমান লেতেৰা
বাকচ .. কাপোৰৰ টোপোলা কাৰ এয়া
..?
hus:- হেৰি মানে , মাঁক আনিবলৈ
গাঁৱলৈ গৈছিলোঁ !
তাই খংত :- কি মাক আনিছা , কিয় ,,
তোমাৰ লাজ লগা নাই , তোমাৰ
ভায়েৰাৰ ঘৰত কি জেগা কমিল নেকি
..?
বাহিৰত এখন ফটা চাদৰেৰে চকুপানী
মঁচি থকা মা'কলৈ তাই এবাৰো
নাছালে !
hus :- মই মাক কেনেকৈ মোৰ ভাইটিৰ
লগত থম ...
wife :- কিয় মোৰ ঘৰত কি কুবেৰৰ সম্পত্তি
আছে নেকি , তোমাৰ ৯০০০ টকাৰ
দৰমহাৰে এইখন ঘৰ কেনেকৈ চলে এইয়া
মইহে জানো ,
লৰা ছোৱালীৰ খৰচ ... uff তাতে আকৌ
আহিছে থাকিবলৈ ..!
এনেকৈ চিঞৰি চিঞৰি কবলৈ
ধৰিলে !
তাই আকৌ কলে :- তুমি এতিয়াই এওঁক
থৈ আহাগৈ , নহলে মই এইখন ঘৰত ১
মিনিট সময়ো নাথাকো .! আৰু আপুনি ,
আপোনাৰ লাজ লগা নাই এওঁৰ লগত
আহিবলৈ .....
এনেকৈ বুলি বৃদ্ধা গৰাকীলৈ চাওঁতে
তাইৰ চকু ডাঙৰ হৈ ৰল ...
তাই শেপ ঢুকি কলে :- মাঁ তুমি ..?
:- অ মই ! তোৰ ককায়েৰে আৰু বৌয়ে
মোক ঘৰৰ পৰা উলিয়াই দিলে ,
জোৱাইক ফোন কৰিলোঁ , ইয়ে মোক লৈ
আহিল গৈ !
wife :- তাই গিৰীয়েকৰ ফালে চাই
হাঁহি মাৰি কলে আপুনিও যে আৰু দেই ,
কবটো পাৰে মোৰ মাঁ ক আনিছা বুলি
..!
***********************"*"**
হাঃ হাঃ কি ধৰণৰ ব্যৱহাৰ এয়া !
কাৰোবাক কলা দেখিলে কাৰোবাক
বগা দেখে .,
এইটো ইমানেই share কৰা যাতে অসমৰ
প্ৰত্যেক মহিলাই পঢ়িবলৈ পায় আৰু কিছু
শিক্ষা পাওঁক যে ,,,
মাঁ শব্দটো কি ,, ইয়াত তোমাৰ মোৰ
বুলিবলৈ একো নাই , মাঁ সদায় মাঁ .
না তোমাৰ না মোৰ.....
Saturday, 14 May 2016
আপুনি খোৱা এগিলাচ পানী কেতিয়াবা বিহ হব পাৰে
আপুনি খোৱা এগিলাচ পানী
কেতিয়াবা বিহ হব পাৰে । আপুনি
হয়তো কেতিয়াও এই কথাটো ভবা
নাই । কেতিয়া কেতিয়া
আপোনাৰ পানী গিলাচ বিহ হব
পাৰে জানি লওক ।
আপুনি যদি ভাত খোৱাৰ আগেয়ে ,
ভাত খাই থাকোতে বা ভাত
খোৱাৰ অলপ পাছতেই পানী
খাইছে , তেন্তে এই পানীয়ে বিহৰ
কাম কৰে ।
কেনেকৈ জানি লওক :
আমাৰ শৰীৰত খাদ্য পাচন হোৱাৰ
বাবে পাছত ৰস উৎপন্ন হয় । এই পাছক
ৰস মুখত লালতিৰ ৰূপত আৰু পেটত
লালতিৰ নিচিনাই ৰস ওলাই থাকে
।
আমি কিবা খোৱাৰ লগে লগে এই
ৰস আমাৰ খাদ্যত মিহলি হৈ যায় আৰু
আমাৰ খাদ্য হজম হোৱাত সহায় কৰে
। আমাৰ পেটৰ ভিতৰত কোনো ধৰণৰ
দাঁত নাথাকে । এই পাছক ৰসেই
খাদ্য পচাই দিয়ে ।
আৰু যেতিয়া আমি ভাতৰ লগত
পানী খাই দিওঁ , তেতিয়া এই
পাছক ৰস পানীৰ লগত মিহলি হৈ
পেচাব হয় ।
গতিকে যাৰ বাবে আপোনাৰ খাদ্য
ভালকৈ হজম হব নোৱাৰে আৰু ফলত
অজীৰ্ণ , গেছ , পেটৰ বিষ আৰু আনকি
অৰ্শ পর্যন্ত হয় ।
যদি আপুনি ঠাণ্ডা পানী এগিলাচ
গৰমত খাইছে , তেন্তে আপোনাৰ
শৰীৰৰ বহুত অপকাৰ হব পাৰে ।
কাৰণ ঠাণ্ডা পানীখিনি গৰম
কৰিহে শৰীৰে তাৰ পৰা
লাগতিয়াল বস্তুখিনি আহৰণ কৰে
আৰু 1 গিলাচ ঠাণ্ডা পানী শৰীৰে
গৰম কৰিবলৈ গোটেই শৰীৰৰ তেজ
কাম কৰিব লগা হয় । যাৰ ফলত
আপোনাৰ মাংসপেশীৰ বিষ সঘনাই
হৈ থাকিব পাৰে ।
গতিকে পানী সদায় কুহুমীয়া গৰম
খাব লাগে আৰু ভাত খোৱাৰ 45
মিনিট পাছত বা আগত পানী খাব
লাগে । যদি গলত লাগে তেন্তে
অলপ দালিৰ পানী খাব ।
উত্তৰ ভাৰতৰ কোনো ৰাজ্যতে
ভাতৰ লগত পানী নাখায় ,
তেওঁলোকে গাখীৰৰ পৰা বনোৱা
ছাঁছ খায় ।
ভাতৰ লগত পানী খালে
ডায়েবেটিচ হোৱাৰ chance বহুত
বেছি থাকে ।
Saturday, 30 April 2016
Thursday, 28 April 2016
চূণ আৰু ইয়াৰ উপকাৰিতা
চূণ আৰু ইয়াৰ উপকাৰিতা :
সচৰাচৰ আমি তামোলৰ লগত বা চাধাৰ
লগত চূণ খাও ।
এই চূণৰ প্ৰায় 70 বিধ ৰোগ ঠিক কৰিব পৰা
গুণ আছে ।
তাৰে কেইটামান বহুত দৰকাৰী আৰু
উপকাৰী ৰোগৰ কথা তলত লিখিলোঁ ।
চুনত প্ৰচুৰ পৰিমানে কেলচিয়াম আৰু
ভিটামিন B থাকে ।
কেলচিয়ামৰ অভাৱত হব পৰা সকলো
ৰোগ চূণ খালে ঠিক হৈ যায় ।
কেন্সাৰৰ প্ৰথম stage , মানে টেমুনা
হলে চূণ খালে ঠিক হৈ যায় । এই
টেমুনা কেলচিয়ামৰ অভাৱত হয় আৰু
শেষত গৈ কেঞ্চাৰ হয় ।
কঁকালৰ বিষ , গাৰ বিষ , আঁঠুৰ বিষ আদি
সকলোতে চূণ উপকাৰী ।
মহিলাসকলৰ বিয়াৰ পাছত গৰ্ভ নৰোৱা ,
মাহেকীয়াৰ সময়ত বহুত কমৰৰ বিষ হোৱা
বা অত্যাধিক তেজ যোৱা ,
আনিয়মীয়া মাহেকীয়া ,
কেতিয়াবা 2-3 মাহৰ মূৰত এবাৰ হোৱা
আদি সকলো ৰোগ চূণ খালে ঠিক হব
পাৰে ।
পুৰুষসকলৰ ক্ষেত্ৰত নুপুংসতা , শুক্ৰাণুৰ
পৰিমাণ কম হোৱা আদিৰ বাবে বহুত
উপকাৰী চূণ ।
বাঢ়ি অহা লৰা ছোৱালী বয়স
অনুপাতে ওখ নোহোৱা লৰা
ছোৱালীৰ বাবে চূণ অত্যন্ত লাভদায়ক
হয় ।
যদি কাৰোবাৰ জণ্ডিছ হৈছে বা
বাৰে বাৰে জণ্ডিছ হৈ থাকে ,
তেতিয়াও চূণ বহুত উপকাৰী আৰু
তৎক্ষণাৎ জণ্ডিছ ঠিক হৈ যায় ।
এতিয়া চূণ কেনেকৈ খাব লাগে
জানি লওক ।।।
100 গ্ৰাম দৈ লৈ তাত বুটমাহ এটাৰ
সমান চূণ লৈ প্ৰায় 10 দিন খাওক আৰু 3
মাহৰ মূৰে মূৰে খাই থাকিব পাৰে ।
দেশী গৰুৰ দৈ পালে ভাল । দৈত চূণ হজম
কৰিব পৰা শক্তি থাকে ।
যদি জণ্ডিছ হৈছে , তেন্তে 1 গ্লাছ
কুঁহিয়াৰৰ ৰস লৈ তাত চাউল এটাৰ সমান
চূণ লৈ দিনত 3 বাৰ খাওক ।
পঢ়াৰ বাবে ধন্যবাদ । আগলৈ share কৰিব
বুলি আশা থাকিল ।
Thursday, 21 April 2016
পাচলিৰ ইংৰাজী নামবোৰ
পাচলিৰ ইংৰাজী নামবোৰ সংগ্ৰহ
কৰিছিলো। আজি তাকে
আপোনালোকৰ সৈতে শ্বেয়াৰ
কৰিছো। আটাইবোৰ তথ্য ইন্টাৰনেটৰ
পৰা লোৱা। উচ্চাৰণৰ দায়িত্ব
আপোনাৰ নিজৰ দেই।
*শাকজাতীয় শস্য (Leafy vegetables)*
১. পালেং - Spinach.
২ মানিমুনি - Asiatic Pennywort.
৩. পদিনা - Mint.
৪. কলমৌ - Water spinach.
৫. ব্ৰাহ্মী - Brahmi.
৬. ধনিয়া - Coriander.
৭. মানধনিয়া - Long coriander.
৮. শুকলতি - Patchouli.
৯. মচন্দৰি - Heart leaf.
১০. মেথিশাক - Fenugreek greens.
১১. নৰসিংহ - Curry leaf.
১২. ভেদাইলতা - Skunk vine.
১৩. পকমৌ - Tomatillo.
১৪. সৰিয়হ শাক - Mustard plant.
১৫. লাই শাক - Mustard green.
১৬. খুতুৰা - Green Amarnath.
১৭. মৰিচা - Indian spinach.
১৮. চুকা - Sorrel.
১৯. বাবৰি / মাটিকাঁদুৰি / লফা /
জিলমিল - White Goosefoot.
২০. টেঙামৰা - Roselle.
২১. তিতামৰা - Jute plant.
২২. পূৰ্ণনভা - Tar vine.
২৩. ঢেকীয়া - Fern.
২৪. মটৰ শাক - Pea greens.
২৫. মচুৰ শাক - Lentil greens.
২৬. কচু থুৰি - Taro stem.
২৭. নিমপাত - Margosa leaf.
২৮. ভৃংগৰাজ - False daisy.
*পাচলিজাতীয় শস্য (Non-Leafy
vegetables)*
১. ওলকবি - Kohlrabi.
২. কাঠ আলু - Yam.
৩. কচু - Taro / Colocassia.
৪. কলডিল - Banana flower.
৫. কাচকল - Curry banana / Plantain
(green).
৬. পটল - Pointed gourd / Parwal.
৭. ভোল - Ridge gourd.
৮. জিকা - Ridged luffa.
৯. ধুন্দুলি - Snake gourd.
১০. জাতিলাও - Bottle gourd.
১১. কোমোৰা - White gourd.
১২. তিতাকেৰেলা - Bitter gourd.
১৩. ভাতকেৰেলা - Teasle gourd.
১৪. কুন্দুলি - Ivy gourd.
১৫. ভেন্দি - Lady's finger / Okra.
১৬. কণ বিলাহী - Current tomato.
১৭. চালগোম - Turnip.
১৮. বেঙেনা - Brinjal / Egg plant.
১৯. চজিনা - Drumstick.
২০. ঔটেঙা - Elephant Apple.
২১. থেকেৰা - Mangosteen.
২২. বেতগাজ - Rattan shoot.
২৩. বাঁহগাজ - Bamboo shoot.
২৪. ভূত জলকীয়া - Ghost peeper.
২৫. নগা জলকীয়া / কেপচিকাম - Bell
peeper.
*মাহজাতীয় শস্য (Beans and pulses)*
১. মচুৰ মাহ - Lentil.
২. মটৰ মাহ - Peas.
৩. ধোৱা মগু - White Lentil.
৪. মাটি মাহ - Urad bean.
৫. মগু মাহ - Mung bean.
৬. ৰহৰ মাহ -Pigeon pea.
৭. বুটমাহ - Chick pea.
৮. ফ্ৰেছবীন - Green bean.
৯. ডাংবডি - Yardlong bean / Cow peas.
১০. ৰাজমা - Common bean.
১১. লেচেৰা মাহ - Black-eyed pea.
১২. উৰহী - Indian bean / Butter bean.
*মছলাজাতীয় শস্য (Spices)*
১. আদা - Ginger.
২. নহৰু - Garlic.
৩. জিৰা - Cumin.
৪. কালিজিৰা - Black cumin.
৫. জালুক - Black peeper.
৬. হালধি - Turmeric.
৭. ধনিয়া - Coriander seed.
৮. দালচেনি - Cinnamon.
৯. ইলাচি - Cardamom.
১০. লং - Clove.
১১. মেথিগুটি - Fenugreek seed.
১২. বগা সৰিয়হ - White mustard sef.
১৩. চফগুটি - Aniseed.
১৪. তেজপাত - Malabar leaf.
Saturday, 16 April 2016
ফেচবুক প্ৰেম
ফেচবুক প্ৰেম ……
…
-- কি কৰিছা জান ?
-- তোমাৰ কথাই ভাবি আছো ।
-- কি ভাবিছা নো ?
-- ভাবিছো , প্ৰায় ৮ মাহেই হ'ল
তোমাক ফেচবুকত লগ পোৱা । আনহে
নেগাগে তোমাক ভাল পোৱাও আজি
৬ মাহ হৈ গ'ল । কিমান দিন যে ,
তোমাৰ লগত ফোনত কথা পাতিলো ,
তাৰ কোনো হিচাবেই নাই । তথাপিও
আজিলৈকে তোমাৰ চেহেৰাতো
নেদেখিলো । প্লিজ তোমাৰ ফটো
এখন দিয়ানা ।
-- চোৱা , মই তোমাক আগতেও কৈছো
যে , মই মোৰ ফটো নিদিও । কাৰণ মই
দেখিবলৈ ধুনীয়া নহয় । এবাৰ যদি তুমি
মোৰ চেহেৰা দেখা , তেনেহ'লে
তুমি মোক পাহৰি যাবা আৰু মই তোমাক
হেৰুৱাব নোখোজো ।
,
( সঁচাকৈয়ে ছোৱালীজনি ধুনীয়া
নাছিল আৰু অলপ ক'লা ও আছিল ।
সেইবাবে তাই প্ৰফাইল পিকচাৰত ফুল
এপাহৰ ফটো দি থৈছিল আৰু
কোনোদিনেই ল'ৰাটোক তাইৰ ফটো
দিয়া নাছিল )
,
ছোৱালীজনিয়ে কিন্তু সদায়েই
ল'ৰাটোৰ প্ৰফাইল খুলি তাৰ ফটোবোৰ
চাইছিল । ল'ৰাটো বহুত ধুনীয়া আছিল ।
ছোৱালীজনিয়ে বুজিছিল যে , তাই
কেতিয়াও তাৰ বাবে যোগ্য নহয় ।
তথাপিও তাই ল'ৰাটোক খুব ভাল
পাইছিল ।
,
অৱশেষত এদিন ছোৱালীজনিয়ে
ল'ৰাটোৰ নেৰানেপেৰা অনুৰোধত
হাৰ মানিলে আৰু ইনবক্সত ল'ৰাটোলৈ
বুলি তাইৰ ফটো এখন পথায় দিলে ।
ফটোখন পোৱাৰ পিছৰে পৰা
ল'ৰাটোৱে মেচেজ কৰিবলৈ এৰি
দিলে ।
,
অলপ দেৰিৰ পিছত ছোৱালীজনিয়ে
দেখিলে যে , ল'ৰাটোৱে তাইক ব্লক
কৰি দিলে । ল'ৰাটোৰ ফোন নম্বৰত
ডায়েল কৰিও তাই চুইটছ অফ পালে ।
,
ছোৱালীজনিৰ চকুৱেদি লোতক
বাগৰি আহিল । তাই বুজিলে যে ,
চিৰদিনৰ বাবে তাই ল'ৰাটোক
হেৰুৱাই পেলালে । এইদৰে ২-৩ দিন
তাই নোখোৱা নোবোৱাকৈ নিজৰ
কোঠাতে চকুপানী নিগৰাই সোমাই
থাকিল ।
,
হঠাতে আজি তাইৰ ফোনলৈ
অচিনাকি নম্বৰ এটাৰ পৰা কল এটা
আহিল । ধৰোনধৰোকৈ তাই ফোনটো
ৰিচিব কৰিলে ।
ফোনটো কাণত লগোৱাৰ লগে লগেই
এটা চিনাকি মাত ভাঁহি
আহিল = ঐ ছোৱালী , তুমি চাৰপ্ৰাইজ
পচন্দ কৰানে ? তোমাৰ বাবে মই
শিৱসাগৰৰ পৰা আহি গুৱাহাটী ষ্টেচনত
ৰৈ আছো ।
,
ছোৱালীজনিয়ে কোনো উত্তৰ নিদি
ফোনটো কাটি দিলে আৰু খৰখেদাকৈ
সাজি কাচি ষ্টেচনলৈ বুলি ঢ়াপলি
মেলিলে ।
।
ভালপোৱা আছলতে চেহেৰা দেখি
নহয় । দুটি মনৰ মিলনেই হ'ল সঁচা
ভালপোৱা ।
,
,
( আপুনি বা কি কয় ?)
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...