বৃদ্ধ দেউতাকক বৃদ্ধাশ্ৰমত ৰাখি আহি
থাকোঁতে হঠাৎ মোবাইলটো বাজি
উঠিল ৷ পকেটৰ পৰা মোবাইলটো
উলিয়াই দেখিলে পত্নীৰ ফোন ৷
ৰিচিভ কৰাৰ লগে লগেই পত্নীয়ে
ক'লে-
পত্নীঃ থৈ আহিলানে ?
পতিঃ ওঁ ৷
পত্নীঃ বিহু, পূজা আদিতো যেন ঘৰলৈ
আহিবলৈ নিবিছাৰে ক'লানে ?
পতিঃ অহ, পাহৰিয়ে গ'লো ৷
পত্নীঃ এতিয়াই ঘুৰি যোৱা আৰু কৈ
আহাগৈ ৷
পতিঃ ঠিক আছে ৷
এইবুলি লগে লগেই পৈত্তৃক সম্পত্তি
বিলাসী কাৰখন একেপাকে ঘুৰাই
বৃদ্ধাশ্ৰম পালেগৈ ৷ আঁতৰৰ পৰাই
দেখিলে দেউতাকে আশ্ৰমৰ
গৰাকীজনৰ লগত হাঁহি ফূৰ্ত্তি কৰা
কথাত মছগুল হৈ আছে ৷ পুতেকক আকৌ
আশ্ৰমলৈ যোৱা দেখা পাই দেউতাকে
আশ্ৰমৰ ভিতৰৰ কোঠা এটালৈ সোমাই
গ'ল ৷ ল'ৰাজনক দেখা পাই আশ্ৰমৰ
গৰাকীজনে মিছিকিয়াই হাঁহিলে
আৰু সুধিলে-
:- দেউতাই আপোনাৰ আগত কিবা
কৈছে নেকি ?
গৰাকীঃ নাই একো কোৱা নাই ,
তেখেত খুউব ভাল মানুহ ৷
:- আপুনি কেনেকৈ জানিলে মোৰ
দেউতা ভাল নে বেয়া?
গৰাকীঃ তেখেত মোৰ বহুদিনৰ
চিনাকি ৷
:- বহুদিনৰ চিনাকি মানে?
গৰাকীঃ হয় ত্ৰিছ বছৰৰ চিনাকি
তেখেত ৷ ত্ৰিছ বছৰৰ আগতেই এদিন
তেখেত আৰু তেখেতৰ পত্নী আমাৰ
আনখন অনাথ আশ্ৰমলৈ আহিছিল আৰু
তোমাক নিজৰ সন্তান হিছাপে তাৰ
পৰা লৈ গৈছিল ৷
Thursday, 15 October 2015
বৃদ্ধাশ্ৰম
Subscribe to:
Post Comments (Atom)
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...
No comments:
Post a Comment