Saturday, 17 October 2015

কাতি বিহু / কঙালি বিহু

কাতি বিহু / কঙালি বিহু
বিহু অসমৰ জাতীয় উৎসৱ । বিহু তিনিটা
। বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু ।
অসমৰ প্ৰতিতো বিহু বিশেষকৈ খেতি
তথা কৃষিৰ লগত জড়িত । অসম কৃষি ভূমি
ৰাজ্য আৰু খেতি হিচাপে ধান খেতিৰ
লগত অসমৰ আছে এক নিবিড় সম্পৰ্ক ।
অসমীয়া দিনপঞ্জীৰ ৬ষ্ঠ তম মাহ আহিন,
আৰু এই আহিন মাহৰ সংক্ৰান্তিৰ দিনা
পতা হয় অসমীয়াৰ কাতি বিহু । কাতি
বিহুক কঙালী বিহু বুলিও কোৱা হয় ।
কঙালী বিহু কোৱাৰ কাৰণ হল কৃষি
ভূমি ৰাজ্য অসমত আগৰ দিনত এটা বছৰৰ
বাবে এবিধ খেতিয়ে কৰা হৈছিল
“শালি খেতি” । আৰু সেই শালি
খেতিৰ পৰা হোৱা শালি ধানৰ
দ্বাৰাই এটা বছৰৰ খাদ্য যোগাৰ কৰিব
লগীয়া হৈছিল । শালি খেতি
সাধাৰণতে আহাৰ-শাওণ মাহত ৰুৱা হয়
আৰু আঘোণ-পুহ মাহত চপোৱা হয় । শালি
ধান কটাৰ আগে আগে আহিন কাতি
মাহত প্ৰায় মানুহৰ বছৰৰ জমা ধান শেষ হয়
আৰু আৰ্থিক দুৰৱস্থাই কঙালী কৰে ।
সেয়েহে আহিন মাহৰ সংক্ৰান্তিৰ
দিনা ধান গছৰ তলত চাকি-বন্তি দি
সেৱা জনাই যাতে ধান ভালে কুশলে
আপদ-বিপদ নোহোৱাকৈ চপাব পাৰি ।
সেই কাৰণে সাধাৰণতে কাতি বিহু
পতা হয় । কাতি বিহুৰ দিনা তুলসীৰ
তলতে চাকি-বন্তি, বুট-মাহ প্ৰসাদৰ
সৈতে লক্ষি আইক আৰাধনা কৰা হয় ।
তুলসীৰ তলত চাকি দিয়াৰ উপৰিও ধান
খেতিত(আকাশ বন্তি) আৰু পদুলিৰ মুখৰ
লগতে ধানৰ ভঁৰালতো চাকি দি লক্ষি
আইৰ আগমনৰ কামনা কৰে । ধান খেতিত
দিয়া চাকিক আকাশ বন্তি বুলিও
কোৱা হয় । কাৰণ ধান খেতিত দিব
লগীয়া চাকি, এডাল দীঘল বাহৰ উপৰত
দিয়া হয় ।
বৰ্তমান এই বিশ্বায়ন কৰণৰ যোগত
পৰিবেশ প্ৰদূষণকে ধৰি শব্দ-প্ৰদূষণ,
বানপানী, ভূমিকম্প, আগ্নেয়গিৰি,
গাড়ী-মটৰ, কাৰখানা আদিৰ পৰা উলুৱা
ধূঁৱাই পৃথিৱীৰ পৰিবেশ বিনষ্ট কৰিছে ।
আৰু জনসংখ্যাও দ্ৰুতগতিত বৃদ্ধি হোৱাৰ
বাবে এবিধ খেতি তথা শালি ধানৰ
দ্বাৰা মানুহৰ এটা বছৰৰ খাদ্য উৎপাদন
কৰিব নোৱাৰা হৈছে । সেয়েহে
অসমৰ কেইটামান পৰিয়ালে আৰম্ভ
কৰিছিল বড়ো খেতি বুলি ধানৰে
এবিধ খেতি । শালি ধানৰ চপোৱাৰ
পিছতে বড়ো খেতি কৰা হয় । বড়ো
খেতি ৰুৱা হয় পুহৰ শেষৰ ফালে বা মাঘ
মাহৰ প্ৰথমতে আৰু এই বড়ো খেতি
চপোৱা হয় চ’ত-বহাগ মাহত । শালি
ধানৰ লগতে বড়ো ধানেও মিলি এই
বিশ্বায়ন কৰণৰ যোগত মানুহক বছৰ যোৰা
খাদ্য আগবঢ়াবলৈ সক্ষম হৈছে । অসমৰ
বিহু খেতি তথা কৃষিৰ লগত বিশেষ
ভাৱে জড়িত । খেতিৰ লগত সংযোগ
ৰাখিয়ে অসমৰ জাতীয় উৎসৱ বিহু পতা
হয় ।
॥॥॥ জয় আই অসম ॥॥॥

No comments:

Post a Comment

ফেটি সাপ