Wednesday, 16 March 2016

ভূল ধাৰনা

ছোৱালীজনী বহুত বেয়া, চৰিত্ৰহীন । কাৰণ বয়সৰতুলনাতকৈ তাইৰ বুকুৰ ব্রেষ্টৰ চাইজ বহুত ডাঙৰ ।.অকল গাঁওৰ ওচৰৰ মানুহেই নহয়, নিজৰ জন্মদাত্রী মাকেওমাজে মাজে সেইয়াই ভাবে । নাজানো কোন ডাক্তৰেকৈছিল.... নতুবা কোনো ভণ্ড সাধুৱে কৈছিল, "ল'ৰাৰহাত নালাগিলে ছোৱালীৰ ব্রেষ্ট ডাঙৰ নহয়"।.বিয়াৰ প্ৰথম নিশাতেই ল'ৰাটোৰ মন বহুত বেয়া । কাৰণসি বিছনাত তাইৰ তেজ দেখা নাপালে । অবিশ্বাসেৰেতাৰ সংসাৰ আৰম্ভ হ'ল, মই নাজানো ইয়াৰ শেষ ক'ত ।তাৰপাছত সেই ভণ্ড সাধুজনে ক'লে, "অসৎ চৰিত্ৰৰছোৱালীবোৰৰ স্বতিচ্ছেদ নহয় । কাৰণ বিযয়াৰ আগতেইঅন্য কোনো ল'ৰাক সকলো দি দিলে"।.মই ডাক্তৰ নহয়, নহয় কোনো কবিৰাজ বা সাধু । তথাপিওজানো যে ছোৱালীৰ বুকু সৰু-ডাঙৰ হোৱাতো কোনোবেমাৰ নহয় । কাৰোবাৰ মুখ যেনেকৈ ঘূৰণীয়া হয় ঠিকতেনেকৈ কাৰোবাৰ মুখ অলপ দীঘলও হয় । শৰীৰৰপ্রতিটো অংগও তেনেকুৱাই । এইয়া সকলোৰে বেলেগবেলেগ চাইজৰ অঙ্গ, ইয়াত কিন্তু মানুহৰ বেমাৰনাথাকে । আচলতে মানুহৰ মনবোৰহে বেমাৰ ।.আৰু প্ৰথম নিশা বিছনাত তেজ নোপোৱাতো... !?.ছোৱালীবোৰৰ স্বতী পর্দাৰ বিষয়ে মেডিকেলৰ কিতাপএখনত দেখিছিলো । মই মেডিকেলৰ ছাত্ৰ নহয় যদিওএদিন দেখাৰ ভাগ্য হৈছিল । সঁচাকৈ কৈছো, মকৰাৰজালৰ দৰে সৰু এখন মুখ । এই পর্দা ভাঙিবলৈ হাতুৰি বাবেলেগ কিবা যন্ত্রপাতিৰ প্রয়োজন নাই । কিছুমানছোৱালীৰ সেই কৈশোৰ বয়সতে দৌৰ, জাঁপ, সাঁতোৰাআদিতেই স্বতিচ্ছেদ ভাঙি যায় ।।..শিক্ষাৰ অভাৱ থাকিলেও কিছুমান কথা আমি সকলোৱেজনাৰ প্ৰয়োজন । নিজৰ ভুলত আমি কাৰোকো ভুলচার্টিফিকেট দিয়াৰ প্ৰয়োজন নাই । মানুহৰ জীৱনটো ইমান সহজ নহয়, সময় লাগে অৰ্জন কৰিবলৈ ।

Tuesday, 15 March 2016

Short cut r axubidha

ফেচবুক চাট ………...
.
ছোৱালী : দাদা ! পাৰ্চনেল কথা সুধো ।
বেয়া পাব নেকি ??
.
ল'ৰা : সোধা ভণ্টী ।
.
ছোৱালী : আপোনাৰ gf আছেনে ?
.
ল'ৰা : নাই । পিছে gf মই বহুত পচন্দ কৰো ।
পিছে সময়ৰ অভাবৰ বাবেই পুহিবলৈ
দিগদাৰ হয় ।
.
ছোৱালী : কি কৈছে নুবুজিলো দেই !!
.
ল'ৰা : সঁচাকৈয়ে golden fish (gf) মোৰ বহুত
ভাল লাগে । কিন্তু সময়মতে দানা দিব
নোৱাৰো বাবেই নুপোহো আকৌ ।
.
ছোৱালী : আপুনিও কি যে মানুহ দেই !! মই
মাছৰ কথা কোৱা নাই নহয় । gf মানে মানুহৰ
কথাহে সুধিছো ।
.
ল'ৰা : sorry ভণ্টী । মোৰ বুজাত ভুল হৈ গ'ল
অ" !!
.
ছোৱালী : বুজি পালে যেতিয়া , আছে
নে নাই কওক
.
ল'ৰা : আছিল । পিছে এতিয়া নাই । মনত
পৰিলে বহুত দুখ লাগে অ' !!
.
ছোৱালী : নাই বুলিয়েই ইমান দুখ কৰি
থাকিব নালাগে আৰু !! সময় আছে যেতিয়া
চেষ্টা কৰিলে আকৌ পাই যাব ।
.
ল'ৰা : সেইটো অসম্ভৱ ভণ্টী ।
.
ছোৱালী : কিয় ??
.
ল'ৰা : মোৰ grand father (gf) দুবছৰৰ আগতেই
ঢুকালে । তেওঁৰ কথা মনত পৰিলে ভীষণ দুখ
লাগে জানা ।।।।

Saturday, 5 March 2016

প্ৰেম কাহিনী

এই ল'ৰাটোৱে বাদাম বিক্ৰী কৰি পৰিয়াল চলাই আৰু ধনীৰ দুলালী এই ছোৱালীজনী সদায় তাৰ দোকানৰ পৰা বাদাম খাৱ আহে৷৷হঠাৎ এদিন ল'ৰাটোৱে ক'লে-মেডাম টকা দিব নালাগে দিয়ক৷ছোৱালীজনিয়ে সুধিলে - কিয়?ল'ৰাটোয়ে কলে-এনেই মেডাম৷ছোৱালীজনীয়ে হাঁহি হাঁহি ক'লে-আৰে পাগল টকা নল'লে খাবা কি?ল'ৰাটোৱে কলে-মেডাম আপুনি বহুদিন ধৰি মোৰ দোকানলে আহে বাদাম খাবলে, আপোনি যেতিয়াৰপৰা মোৰ দোকানলে আহিব লৈছে তেতিয়াৰ পৰা ভগৱানে মোৰ ভাগ্য সলনি কৰি দিছে, মোৰ ব্যৱসায় বহুত ভাল হৈছে, সেয়ে মই আপোনাক ফ্ৰী বাদাম খোৱাম৷ছোৱালীজনীয়ে হাঁহি দিলে আৰু কলে-তুমি যদি মোৰ পৰা বাদামৰ বিনিময়ত দাম নোলোৱা তেন্তে মই আৰু নাহো তোমাৰ দোকানলে৷তেতিয়া লৰাটোয়ে কলে-ঠিক আছে মই বিনিময়ত লম বাৰু কিন্তু মই যি খোজো সেয়ে দিবলাগিব৷ছোৱালীজনীয়ে কলে-কোৱা, কি লাগিবনো তোমাক?ল'ৰা-আপোনি প্ৰতিদিন মোৰ দোকানলে 2মিনিটৰ বাবে হলেও আহিব আৰু আপোনাৰ ভাগ্যৱান হাতেৰে মোৰ বাদাম খিনিত হাতবোলায় দিব৷৷ছোৱালীজনীয়ে আকৌ হাঁহিলে আৰু কলে-হ'ব বাৰু মই তোমাৰ কথাত ৰাজি৷তাৰপিছত ছোৱালীজনী সদায় আহে আৰু এনেকৈয়ে চলি থাকিল, তাৰপিছত হঠাৎ ২দিনমানৰ পৰাছোৱালীজনী দোকান নহাহ'ল৷ সি খৱৰলৈ গমপালে যে তাই হস্পিতালত আছে, কিডনী বিকল হৈছে৷ খৱৰ পাই সি হস্পিতাল গল৷৷ তাৰ কেইদিনমান পিছত ছোৱালীজনী দোকান আহিল বাদামলবলে,লৰাটোৱে সুধিলে-কেনে আছে মেডাম? ইমানদিন অহা নাই যে?ছোৱালী-মই হস্পিতালত আছিলো, মোৰ কিডনী বেয়া হৈছিল৷ল'ৰা-অ'হ, তাৰপিছত?ছোৱালী-পিছত কোনোবা এজনে মোক কিডনী এটা দান কৰিলে, কিন্তু মই সেইজনক বিচাৰি নাপালো, ডক্তৰেও একো নজনালে৷ছোৱালীজনীয়ে বাদাম লৈ ঘৰ গল, তাই বহুত চিন্তাত আছিল কিডনী কোনে দিলে সেই কথাটোলৈ৷ তাইক এনেদৰে চিন্তাত দেখি তাইৰ বান্ধৱীয়ে সুধিলে কি হল, তেতিয়া তাই সকলো কথা কলে, কথাবোৰ শুনি বান্ধৱীজনীয়ে কলে-তুমি হস্পিতালৰ নাৰ্চক সুধা, তেওঁচব জানিব৷ বান্ধৱীৰ কথা শুনি ছোৱালীজনী বাউলি হৈ নাৰ্চজনীৰ ওচৰ পালে আৰু কলে-মোক কিডনী কোনে দিলে আপোনি জানে, এতিয়া যদি নকয় কোন সেইজন তেন্তে মই আত্মহত্যা কৰিম৷ নাৰ্চগৰাকীয়ে হাঁহি মাৰি কলে-বলক মোৰ লগত সেই মহান লোকজনৰ ওচৰলে৷ ৰিক্সা এখনত দুয়ো এটা গলি ত গ'ল, তাৰে এটা সৰু ঘৰত নামিল দুয়ো আৰু নাৰ্চগৰাকীয়ে তাইক ঘৰৰ ভিতৰলে নিলে৷ ভিতৰত সোমায় তাই সেই বাদামৱালা ল'ৰাটোক বহি থকা দেখিলে, তাই চিৎকাৰ কৰি নাৰ্চজনীক সুধিলে-মোক কিডনী কোনে দিছিল?নাৰ্চজনীয়ে কলে-এখেত আহিছিল আপোনি হস্পিতালত থাকোতে, আৰু কিডনী এখেতেই দিছিল৷ছোৱালীজনী একোকব নোৱাৰিলে আৰু লৰাটোক জোৰে সাৱতি ধৰি সুধিলে-কিয়, কিয় তুমি মোক বছালা৷লৰাটোৱে আলফুলে তাইক বুকুত সুমুৱাই কলে-হয়টো ভালপাই পেলালো তোমাক৷৷ তাই কলে-মই আজীৱন তোমাৰ বাদামৱালী হৱ বিচাৰো৷৷

ফেটি সাপ