এই ল'ৰাটোৱে বাদাম বিক্ৰী কৰি পৰিয়াল চলাই আৰু ধনীৰ দুলালী এই ছোৱালীজনী সদায় তাৰ দোকানৰ পৰা বাদাম খাৱ আহে৷৷হঠাৎ এদিন ল'ৰাটোৱে ক'লে-মেডাম টকা দিব নালাগে দিয়ক৷ছোৱালীজনিয়ে সুধিলে - কিয়?ল'ৰাটোয়ে কলে-এনেই মেডাম৷ছোৱালীজনীয়ে হাঁহি হাঁহি ক'লে-আৰে পাগল টকা নল'লে খাবা কি?ল'ৰাটোৱে কলে-মেডাম আপুনি বহুদিন ধৰি মোৰ দোকানলে আহে বাদাম খাবলে, আপোনি যেতিয়াৰপৰা মোৰ দোকানলে আহিব লৈছে তেতিয়াৰ পৰা ভগৱানে মোৰ ভাগ্য সলনি কৰি দিছে, মোৰ ব্যৱসায় বহুত ভাল হৈছে, সেয়ে মই আপোনাক ফ্ৰী বাদাম খোৱাম৷ছোৱালীজনীয়ে হাঁহি দিলে আৰু কলে-তুমি যদি মোৰ পৰা বাদামৰ বিনিময়ত দাম নোলোৱা তেন্তে মই আৰু নাহো তোমাৰ দোকানলে৷তেতিয়া লৰাটোয়ে কলে-ঠিক আছে মই বিনিময়ত লম বাৰু কিন্তু মই যি খোজো সেয়ে দিবলাগিব৷ছোৱালীজনীয়ে কলে-কোৱা, কি লাগিবনো তোমাক?ল'ৰা-আপোনি প্ৰতিদিন মোৰ দোকানলে 2মিনিটৰ বাবে হলেও আহিব আৰু আপোনাৰ ভাগ্যৱান হাতেৰে মোৰ বাদাম খিনিত হাতবোলায় দিব৷৷ছোৱালীজনীয়ে আকৌ হাঁহিলে আৰু কলে-হ'ব বাৰু মই তোমাৰ কথাত ৰাজি৷তাৰপিছত ছোৱালীজনী সদায় আহে আৰু এনেকৈয়ে চলি থাকিল, তাৰপিছত হঠাৎ ২দিনমানৰ পৰাছোৱালীজনী দোকান নহাহ'ল৷ সি খৱৰলৈ গমপালে যে তাই হস্পিতালত আছে, কিডনী বিকল হৈছে৷ খৱৰ পাই সি হস্পিতাল গল৷৷ তাৰ কেইদিনমান পিছত ছোৱালীজনী দোকান আহিল বাদামলবলে,লৰাটোৱে সুধিলে-কেনে আছে মেডাম? ইমানদিন অহা নাই যে?ছোৱালী-মই হস্পিতালত আছিলো, মোৰ কিডনী বেয়া হৈছিল৷ল'ৰা-অ'হ, তাৰপিছত?ছোৱালী-পিছত কোনোবা এজনে মোক কিডনী এটা দান কৰিলে, কিন্তু মই সেইজনক বিচাৰি নাপালো, ডক্তৰেও একো নজনালে৷ছোৱালীজনীয়ে বাদাম লৈ ঘৰ গল, তাই বহুত চিন্তাত আছিল কিডনী কোনে দিলে সেই কথাটোলৈ৷ তাইক এনেদৰে চিন্তাত দেখি তাইৰ বান্ধৱীয়ে সুধিলে কি হল, তেতিয়া তাই সকলো কথা কলে, কথাবোৰ শুনি বান্ধৱীজনীয়ে কলে-তুমি হস্পিতালৰ নাৰ্চক সুধা, তেওঁচব জানিব৷ বান্ধৱীৰ কথা শুনি ছোৱালীজনী বাউলি হৈ নাৰ্চজনীৰ ওচৰ পালে আৰু কলে-মোক কিডনী কোনে দিলে আপোনি জানে, এতিয়া যদি নকয় কোন সেইজন তেন্তে মই আত্মহত্যা কৰিম৷ নাৰ্চগৰাকীয়ে হাঁহি মাৰি কলে-বলক মোৰ লগত সেই মহান লোকজনৰ ওচৰলে৷ ৰিক্সা এখনত দুয়ো এটা গলি ত গ'ল, তাৰে এটা সৰু ঘৰত নামিল দুয়ো আৰু নাৰ্চগৰাকীয়ে তাইক ঘৰৰ ভিতৰলে নিলে৷ ভিতৰত সোমায় তাই সেই বাদামৱালা ল'ৰাটোক বহি থকা দেখিলে, তাই চিৎকাৰ কৰি নাৰ্চজনীক সুধিলে-মোক কিডনী কোনে দিছিল?নাৰ্চজনীয়ে কলে-এখেত আহিছিল আপোনি হস্পিতালত থাকোতে, আৰু কিডনী এখেতেই দিছিল৷ছোৱালীজনী একোকব নোৱাৰিলে আৰু লৰাটোক জোৰে সাৱতি ধৰি সুধিলে-কিয়, কিয় তুমি মোক বছালা৷লৰাটোৱে আলফুলে তাইক বুকুত সুমুৱাই কলে-হয়টো ভালপাই পেলালো তোমাক৷৷ তাই কলে-মই আজীৱন তোমাৰ বাদামৱালী হৱ বিচাৰো৷৷
No comments:
Post a Comment