Wednesday, 16 March 2016

ভূল ধাৰনা

ছোৱালীজনী বহুত বেয়া, চৰিত্ৰহীন । কাৰণ বয়সৰতুলনাতকৈ তাইৰ বুকুৰ ব্রেষ্টৰ চাইজ বহুত ডাঙৰ ।.অকল গাঁওৰ ওচৰৰ মানুহেই নহয়, নিজৰ জন্মদাত্রী মাকেওমাজে মাজে সেইয়াই ভাবে । নাজানো কোন ডাক্তৰেকৈছিল.... নতুবা কোনো ভণ্ড সাধুৱে কৈছিল, "ল'ৰাৰহাত নালাগিলে ছোৱালীৰ ব্রেষ্ট ডাঙৰ নহয়"।.বিয়াৰ প্ৰথম নিশাতেই ল'ৰাটোৰ মন বহুত বেয়া । কাৰণসি বিছনাত তাইৰ তেজ দেখা নাপালে । অবিশ্বাসেৰেতাৰ সংসাৰ আৰম্ভ হ'ল, মই নাজানো ইয়াৰ শেষ ক'ত ।তাৰপাছত সেই ভণ্ড সাধুজনে ক'লে, "অসৎ চৰিত্ৰৰছোৱালীবোৰৰ স্বতিচ্ছেদ নহয় । কাৰণ বিযয়াৰ আগতেইঅন্য কোনো ল'ৰাক সকলো দি দিলে"।.মই ডাক্তৰ নহয়, নহয় কোনো কবিৰাজ বা সাধু । তথাপিওজানো যে ছোৱালীৰ বুকু সৰু-ডাঙৰ হোৱাতো কোনোবেমাৰ নহয় । কাৰোবাৰ মুখ যেনেকৈ ঘূৰণীয়া হয় ঠিকতেনেকৈ কাৰোবাৰ মুখ অলপ দীঘলও হয় । শৰীৰৰপ্রতিটো অংগও তেনেকুৱাই । এইয়া সকলোৰে বেলেগবেলেগ চাইজৰ অঙ্গ, ইয়াত কিন্তু মানুহৰ বেমাৰনাথাকে । আচলতে মানুহৰ মনবোৰহে বেমাৰ ।.আৰু প্ৰথম নিশা বিছনাত তেজ নোপোৱাতো... !?.ছোৱালীবোৰৰ স্বতী পর্দাৰ বিষয়ে মেডিকেলৰ কিতাপএখনত দেখিছিলো । মই মেডিকেলৰ ছাত্ৰ নহয় যদিওএদিন দেখাৰ ভাগ্য হৈছিল । সঁচাকৈ কৈছো, মকৰাৰজালৰ দৰে সৰু এখন মুখ । এই পর্দা ভাঙিবলৈ হাতুৰি বাবেলেগ কিবা যন্ত্রপাতিৰ প্রয়োজন নাই । কিছুমানছোৱালীৰ সেই কৈশোৰ বয়সতে দৌৰ, জাঁপ, সাঁতোৰাআদিতেই স্বতিচ্ছেদ ভাঙি যায় ।।..শিক্ষাৰ অভাৱ থাকিলেও কিছুমান কথা আমি সকলোৱেজনাৰ প্ৰয়োজন । নিজৰ ভুলত আমি কাৰোকো ভুলচার্টিফিকেট দিয়াৰ প্ৰয়োজন নাই । মানুহৰ জীৱনটো ইমান সহজ নহয়, সময় লাগে অৰ্জন কৰিবলৈ ।

No comments:

Post a Comment

ফেটি সাপ