আমাৰ ভাৰতীয় মানুহৰ কিছুমান হজম
নোহোৱা (হাঁহি উঠা??) কাণ্ড - ১)
আমি কন্যা সন্তানক পঢ়োৱাৰ নামত
যিমান খৰছ কৰোঁ তাতকৈ কেইবাগুণো
বেছি খৰছ কৰোঁ কন্যাৰ বিবাহত। ২) অন্য
দেশত পুলিছক দেখিলে মানুহে সুৰক্ষিত
অনুভৱ কৰে। আমাৰ দেশত পুলিছক
দেখিলে আমাৰ বুকু কঁপি উঠে। ৩)
প্ৰশাসনিক সেৱাৰ পৰীক্ষাত এজন
ছাত্ৰই ‘যৌতুক এক সামাজিক ব্যাধি’
বিষয়ত ১৫০০ শব্দৰ এখন বুদ্ধিদীপ্ত ৰচনা
লিখি সকলোৰে বাহ বাহ লৈ পৰীক্ষা
উত্তীৰ্ণ হয়। সেই একেজন ব্যক্তিয়ে এবছৰ
পিছত প্ৰশাসনিক বিষয়া হৈয়েই ১
কোটি টকাৰ যৌতুক দাবী কৰে। ৪)
আমি ভাৰতীয় সকল লাজকুৰীয়া আৰু
আত্মসংযমী। কিন্তু তথাপিও আমাৰ
জনসংখ্যা ১৩০ কোটি। ৫) আমি আমাৰ
মোবাইলত স্ক্ৰীণ গাৰ্ড লগোৱাৰ
বাবে সদায় সাৱধান। কিন্তু বাইক
চলোৱাৰ সময়ত হেলমেট পিন্ধিবলৈ
পাহৰোঁ। ৬) আমাৰ দেশত ছোৱালীক
শিক্ষা দিয়া হয়, “বেয়া চকুৰ মানুহৰ
পৰা সাৱধানে থাকিবা।
বলাত্কাৰীৰ পৰা সাৱধান হ’বা”। কিন্তু
ল’ৰাক কেতিয়াও শিকোৱা নহয়,
“মহিলাক বেয়া চকুৰে নাচাবা।
কেতিয়াও বলাত্কাৰ নকৰিবা”। ৭)
আমাৰ দেশত মানুহে জোতা কিনে
বাতানুকুলিত আধুনিক শ্বোৰুমত। কিন্তু
শাক পাচলি কিনে ধুলিময় বাটৰ কাষৰ
দোকানীৰ পৰা। ৮) আমাৰ দেশত
এগৰাকী পৰ্ণ ষ্টাৰক চেলেব্ৰিটিৰ
আসনত বহোৱা হয়। কিন্তু এগৰাকী
বলাত্কাৰ হোৱা মহিলাক মানুহ
হিচাপেও গণ্য কৰা নহয়। ৯) আমাৰ দেশত
ৰাজনৈতিক নেতা সকলে মানুহৰ ভাগ
ভাগ কৰে। কিন্তু সন্ত্ৰাসবাদীয়ে
মানুহক একত্ৰিত কৰে। ১০) প্ৰিয়ংকা
চোপ্ৰাই মেৰীকম ছবিখনত অভিনয় কৰি
যিমান টকা উপাৰ্জন কৰিলে সিমান
টকা আচল মেৰীকমে গোটেই জীৱনত
উপাৰ্জন কৰিব পৰা নাই। ১১) এজনী
ছোৱালীয়ে এগৰাকী অপৰিচিত
ব্যক্তিৰ সৈতে কথা পতাটো
অশোভনীয়। কিন্তু এজন অপৰিচিত
ব্যক্তিৰ সৈতে বিয়া হোৱাটো
সম্পূৰ্ণভাৱে গ্ৰহণীয়। ১২) আমাৰ দেশত
ধৰ্মৰ নামত কাজিয়া কৰা বেছিভাগ
মানুহেই নিজৰ ধৰ্মৰ ধৰ্মগ্ৰন্থ কেতিয়াও
পঢ়ি চোৱা নাই।
Monday, 6 July 2015
Hahi Utha Katha
Subscribe to:
Post Comments (Atom)
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...
No comments:
Post a Comment