Tuesday, 7 April 2015

ফেচবুক

দুপৰীয়া সময় খিনিত কণিকাই প্ৰায় ৰং
চেনেলত দিয়া অসমীয়া চিৰিয়েলবোৰ
চায় ৷ তাতে আজি ৰবিবাৰ গতিকে কলেজ
নাই ,ৰবিবাৰৰ দিনটোত কনিকাই টিভি চাই
ফেচবুকত বন্ধুবোৰৰ ফটোত কমেন্ট , লাইক
মাৰি বৰ ভাল পায় ৷
এনেতে এজন বন্ধুয়ে কনিকালৈ মেচেজ
দিলে —
বন্ধু: — হাই ---!!!
কনিকা : — হাই ----! !
বন্ধু: -- কি কৰি আছা ?
কনিকা: --- নাই এনে আছো, আপুনি ?
বন্ধু: --- নাই এনেই ! আপুনি মোক এটা
হেল্প কৰিব পাৰিবনে ?
কনিকা : -- কওকচোন কি ?
বন্ধু: -- আপুনি মোৰ কাৰণে এজন গাৰ্ল
ফ্ৰেণ্ড বিচাৰিব পাৰিবনে ??
অচিনাকি বন্ধুজনৰ কথাত কনিকাৰ এইবাৰ খং
উঠিল যদিও ভদ্ৰ ভাবে কলে ---
চাঁওক এই প্ৰেম , ভালপোৱাৰ মামলাত মই
একেবাৰে কেঁচা গতিকে এই বিষয়ে
মোক একো নুসুধিলেই ভাল পাম ৷
বন্ধু : --- অ, হয় নেকি ?? পিছে আপোনাৰ
বয় ফ্ৰেণ্ড আছে নে নাই ?
কনিকা : --- আপুনি কি ভাবে ?
বন্ধু : --- থকা যেন লাগে ! নাই যদি প্লিজ
মোৰ গাৰ্ল ফ্ৰেণ্ড হ’বানে ??
বন্ধুজনৰ কথাত কনিকাৰ এইবাৰ খং উঠিল আৰু
লগে লগে ফেচবুকৰ পৰা লগ আউত কৰি
দিলে আৰু কনিকাই খঙতে মুখেৰে
ভৰভৰাবলৈ ধৰিলে ----
এই ল'ৰাবোৰে বাৰু বুজি নাপায় নেকি ?
যে প্ৰেম হ’বলৈ হ’লে প্ৰথমে দুটা মনৰ
মিলন হ’ব লাগে ৷ এনেকৈ ফেচবুকত
প্ৰেমৰ অভিনয় কৰি কিমান ছোৱালীৰ যে
জীৱন ধংস কৰি আছে কিছুমানে ৷ এইবোৰ
ভাবি --- কনিকাৰ বন্ধুজনৰ প্ৰতি মনত ঘৃনা
উপজিবলৈ ধৰিলে ৷৷

No comments:

Post a Comment

ফেটি সাপ