Sunday, 19 April 2015

বৃদ্ধ কাল

এজন ল'ৰাক তেওঁৰ গাৰ্লফ্ৰেন্ডে প্ৰশ্ন
কৰিছে--
তুমি
তোমাৰ মাক কিমান ভাল পোৱা ?
ল'ৰা--মোৰ জীৱনতকৈও বেছি ।
ছোৱালী- কিন্তু যেতিয়া তোমাৰ
মা বৃদ্ধ হ'ব,তেতিয়া তোমাৰ মাৰ প্ৰতি
মৰম ভালপোৱা
একেই থাকিবনে ???
ল'ৰাটোৱে তাৰ পকেটৰ পৰা নতুন
1000টকাৰ
নোট্ এখন উলিয়াই ছোৱালীজনীক
সুধিলে -ইয়াৰ
মূল্য কিমান ?
ছোৱালী -1000টকা।
এইবাৰ ল'ৰাটোৱে নোটখন
কেবাবাৰো হাতেৰে মুচৰি ক'লে-
এইবাৰ এই নোটখনৰ মূল্য কিমান ??
ছোৱালী -(আবাক হৈ) 1000টকা।
ল'ৰাটোৱে নোটখন পুনৰ মাটিত পেলাই
মোহাৰিলে আৰু ছোৱালীজনীক
সুধিলে -এতিয়া
ইয়াৰ মূল্য কিমান ??
ছোৱালী-(বিৰক্ত হৈ) 1000টকা।
ল'ৰা -মোৰ মা এই 1000টকীয়া নোটখনৰ
দৰে,
যিমানেই বৃদ্ধ নহওঁক মোৰ ওচৰত তেখেতৰ
মূল্য
সদায় একেই থাকিব।
আশাকৰো সকলোৱে নিজ নিজ পিতৃ
মাতৃক বৃদ্ধ বয়সত অৱহেলা নকৰে তাকেই
কামনা কৰিলো।

No comments:

Post a Comment

ফেটি সাপ